ছাগলীটোলৈ হে মনত পৰিছিল। পণ্ডিতজন টানি-টুনি হে যদি তিনি হাত ওখ হয়।
সেই দিনাৰ উপস্থিতিলৈ চাই ছাত্ৰ-সংখ্যা ডেৰ কুৰিমান হব। পণ্ডিতজন সম্ভবতঃ সোপাঢিলা নহয়; কিয়নো তেওঁৰ সমুখত থকা বৰ্গক্ষেত্ৰাকাৰ চাংডোখৰত ( যাক সম্মান দেখুৱাই মেজ বোলা হয় ) একোছা মেদেলুৱা-ঠাৰি সজাই থোৱা আছিল। মই যেতিয়া তাত প্ৰবেশ কৰিছিলোঁ, তেতিয়া পণ্ডিত মহাশয়ে হাতত ভূগোল এখন লৈ ল'ৰা এটাক সুধিছিল, – “পৃথিবীখন কেনেকুৱা?”
ল'ৰা।—ক’লা।
পণ্ডিতে এই লৰাটোৰ পিঠিত দুডাল মেদেলুৱা ছিঙ্গি, আন এটাক সেই একে প্ৰশ্নকে সুধিলে। সি উত্তৰ দিলে,— “ৰঙা”। পণ্ডিতে তাৰ পিঠিত সাৰৌপ কৰে একোব মাৰি সুধিলে, – “ক’ত পাইছিলি?”
২য় ল'ৰা।— এইয়া নহয় সুমথিৰা টেঙ্গাৰ নিচিনা বুলি লিখা আছে। সুমথিৰা টেঙ্গা জানো ৰঙা নহয়?
তাৰ কথা শুনি পণ্ডিতে তাৰ পিঠিত আৰু তিন ডাল মেদেলুৱা ছিঙ্গি পিচৰটোক সুধিলে,—“ক পৃথিবীৰ আকৃতি কেনেকুৱা?”
ল'ৰা।—ঘূৰণীয়া।
পণ্ডিতে অলপ বেলি থমকা খাই ৰৈ এছাৰি দাঙ্গি কলে, “কটা! তহঁতক আৰু কিমান শিকাম! মই তহঁতক কিমান দিন কৈছোঁ—”