সোঁত বৈ টপ-টপ কৰে পৰি জাপিৰ পিঠিত টকলিয়াবলৈ ধৰিলে। আমুকাই কিন্তু তালৈ কটাহি নকৰি আপোন ভাবত ওপঙ্গি, নিজৰ অতুল পৰাক্ৰমত গঙ্গাটোপ যেন হৈ ওফন্দি আগলৈ খোজ দীঘলাই দিবলৈ ধৰিলোঁ। বেলিয়ে আন উপায় নেদেখি,বাটৰ মানুহক জোকাই লৈ ঢকা খাই ফেঁকুৰি ফেঁকুৰি আঁতৰৰ পৰা শিলগুটি দলিওৱা গৰখীয়া লৰাৰ দৰে, এইবাৰ চকুলোৰ লগে-লগে ওপৰৰ পৰা সৰু সৰু বগা শিলগুটি দলিয়াবলৈ ধৰিলে, আৰু শিলগুটিবোৰে আকলুৱা মানুহৰ দৰে জাপিৰ পিঠিত চুমা খাই কামোৰত বখলা-বখলে ছিঙ্গি নিবলৈ ধৰিলে। শিখণ্ডীৰ আঁৰত লুকাই মৰা অৰ্জ্জুনৰ শৰৰ আগত মহাৰথী ভীষ্ম পৰাস্ত হোৱাৰ নিচিনাকৈ এইবাৰ মেঘৰ আঁচলত লুকুৱা বেলিৰ শিলগুটি-শৰ প্ৰহাৰত নিৰুপায় হৈ অগত্যা মই ৰণভঙ্গ দিবলৈ বাধ্য হলোঁ, আৰু আলিৰ দাঁতিতে এখন পঢ়াশালি দেখি সুৰুক কৰে সোমাই গলোঁ।
পঢ়াশালিৰ পণ্ডিতজন আদহীয়া। খৰাং মাটিৰ শস্যৰ দৰে তেওঁৰ গোটেই মূৰত চুলি গজিব পৰা নাই। আন কি,মাজ ডোখৰক চাহাৰাৰ ক্ষুদ্ৰ সংস্কৰণ বুলিব পাৰি। তেওঁৰ কপালখন দ, চকু দুটা অমৰা-গুঢ়ীয়া, কাণ দুখন ইন্দ্ৰৰ ঐৰাৱতৰ পৰা ধাৰ কৰি অনা যেন লাগে! দাঁতকেইটালৈ চাই হলে তেওঁক বৰাহ অৱতাৰকে বুলিব পাৰি। ওঠকেইটা খামুচীয়া,আৰু সেয়ে তাম্বুল-ৰাগ-ৰঞ্জিত; ডিঙ্গিটো ৰাজহাঁহৰ হু-বহু আৰ্হি। ডাঢ়িখিনি দেখি মোৰ হলে পোনেই ভাবি মেধিৰ ভোবোলা