পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনী—নম্বৰ দুই।

ভূগোল-শিক্ষা।

( ১৮৩২ শক )

 সময় দুপৰীয়া। বেলিয়ে হেজাৰ হাতেৰে আৰিয়া ধৰি,নাচি-বাগি সংসাৰ-ভাওনাঘৰত সোমাই দৰ্শক প্ৰাণীমণ্ডলীৰ শুকান পিঠিৰ ছাল আধাপোৰা কৰা দেখি সকলো পলাই ফাঁট মাৰিছে। বাট পথ শূন্য; গছ-গছনি তলমূৰ। মাথোন শিলেৰে বুকু বন্ধোৱা আলি বাট কেইটাই বুকু ফিন্দাই শুই আছে, আৰু বেলিৰ পৰাক্ৰম ব্যৰ্থ থোৱা দেখি মিচিক মিচিক হাঁহিছে। ঠিক এনে সময়তে মই কোনো এঠাইলৈ যাবলৈ বাধ্য হৈছিলোঁ, আৰু বেলিৰ উদ্ধতালি দেখি আগ ধৰি সতৰ্ক হৈ অসমীয়া “হেট” অৰ্থাৎ জাপি এটাৰে তলিয়াৰে ভাত-চৰু ঢকা দি মোৰ উত্তমাঙ্গ ঢাকি লৈছিলোঁ। বেলিয়ে টকৌপাতেৰে চোৱা সেই শিৰস্ত্ৰাণ ভেদ কৰিব নোৱাৰি, সম্ভবতঃ অপমান বোধ কৰি, ৰ'দ-ঘাইত বহি থকা কাছই মানুহৰ গম পাই লৰ মাৰি পিটনিত সোমোবাৰ দৰে, লৰ মাৰি গৈ ক'লা ডাৱৰ এচপৰাৰ তলত সোমাল। বেলিৰ বেজাৰত অৱশ হোৱা হাতৰ পৰা আৰিয়াবোৰ এটা এটাকৈ সৰি পৰিবলৈ ধৰিলে, আৰু তাৰ পিচতে কাণ তাল মৰা মূৰ টিং-টিঙাই যোৱা কান্দোনৰ সুৰ আহি মোৰ কাণৰ ফুটাত সোমাবলৈ ধৰিলে। শেহত বাৰিষাৰ ঢল পানীৰ সোঁত বোৱা দি তেওঁৰ চকুৰ পানীৰ