কলে তেওঁ বুজিব ঠিক কৰিব নোৱাৰি এনেকৈয়ে আৰম্ভ কৰিলোঁ,—“হে জটাধাৰী, তোহাৰি মত মনুষ্য হামো দেখয়ে নাহি। তোহো কোথা হন্তে আৱলি? কাহে তোহাৰ ওহি দশা ভেল?”
মোৰ কথাৰ উত্তৰত তেওঁ কলে যে তেওঁ পৃথিবীৰে, আৰু আমাৰ দেশৰে মানুহ; ঈশ্বৰক লাভ কৰিবলৈ তেনে বেশ ধৰি সাধনা কৰিছে।
মই সুধিলোঁ,—“ঈশ্বৰক নো কোনে পায়?”
তেওঁ কলে,—“যি ধাৰ্ম্মিক, সাধু আৰু ঈশ্বৰ-পৰায়ণ। ”
এই শব্দকেইটাৰ তেওঁ কি অৰ্থ কৰিছিল অৱশ্যে তেৱেঁই জানে, মই হলে একোকে বুজা নাছিলোঁ। এনেবোৰ শব্দৰ অৰ্থ সকলোৱে একেদৰেই নকৰে। তথাপি তাৰ ব্যাখ্যা বিচাৰি কালক্ষয় আৰু বাক্যব্যয় নকৰি তেওঁ কোৱাৰ নিচিনা মানুহৰ বাহিৰে আনৰ ঈশ্বৰ প্ৰাপ্তি হব নে নহয় সুধিলোঁ।
তেওঁ কলে,—“কেতিয়াও নহয়।”
মই আকৌ সুধিলোঁ—“ঈশ্বৰ ক’ত থাকে?”
তেওঁ কলে,—“ঈশ্বৰ ক’ত থাকিব; তেওঁ সৰ্ববত্ৰ ৱিৰাজমান।”
মই কলোঁ,—“যদি সেয়ে হয়, ঈশ্বৰক নোপোৱাকৈ কোনো থাকিব নোবাৰে, তেহেলেই সি ধাৰ্ম্মিকেই হওক বা অধাৰ্ম্মিকেই হওক, সাধুৱেই হওক বা অসাধুৱেই হওক। ৰজা-প্ৰজা,বামুণ-চঁৰাল, মতা-তিৰুতা, মানুহ-গৰু, বাঘ-ঘোং, হুল-জোং, খাদ্য-খাদক, পচ্য-পাচক, পাপৱান-পুণ্যৱান, ভোগী, যোগী,ৰোগীকে আদি