পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। মন্দোদৰী আদি কৰি, যত আছে পটেশ্বৰী, সীতাৰ হৃদশ কেহোলুই। প্ৰাণ মমা চলা যাওঁ, যেন সীতা সঙ্গপাওঁ, তেবেসে নিমাই কাম জুই॥ ৰাৱণৰ হেন বাণি, ডৰিলা মাৰিছে শুনি, কৰযোড়ে বলে ধীৰে ধীৰে। ৰাম নাম সুমৰিয়া আকুল কৰয় হিয়া, কাম্পে মোৰ নকল শৰীৰে। শুনা ৰাজা লঙ্কেশ্বৰ, ৰাম মহা ধনুধৰ, তানভাৰ্য্য। হৰিবাক চাস। ছলে তোক কোন বিধি, কোনে দি।ে হেন বুদ্ধি, কৰিবাক চাহ কুল নাশ | নৃপতিত চাটু প্ৰিয়, বচন বোলয় যত, পাৱে তাৰ সীমা সংখ্যা নাই। অপ্ৰিয় মোহিত পথ, বলিবেক যিটোজনে, কৌটী এক গুটি মাজে পাই। ৰামৰ বিক্ৰম যত, জানো মই ভাল মত, তাহান ভাৰ্য্যাৰ আসাতেজা। হেন কাৰ্য্য৷ কৰিবাক, নোবোলা ভাগিণ মোক, লঙ্কাত কৰিয়ো সুখে ৰাজ॥