পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯০ অৰুণ্য কাণ্ড। ধ্যানতে নিৰ্ম্মল, মন ভৈল তাৰ, কুশ ভৈল স্থল কাই। ৷ ৰাৱণক দেখি, বহু মান্য কৰি, অৰ্চ্চিলেক সমুদাই॥ লভিয়া আসন, বসিলা ৰাৱণ, মাৰিচৰ মুখ চাই। বোলয় বচন, মাচি শুনহ, আসিলোঁ তোমাৰ ঠাই॥ তোমাৰ সমাম, বন্ধু নাহি আন, লঙ্কাৰ মাজে আমাৰ। সহস্ৰেক মত, হস্তীৰ সমান, বীৰ তুমি বলিয়াৰ বুদ্ধি বল তেজে, ৰাক্ষস সমাজে, নাহিকে তোমাৰ সম। জানে ত্ৰিভুবনে, অৰি বিনাশন, যেন কালান্তক যম | তুমি সমে মই, দেবক জিনিলোঁ, কৰিলোঁ বশ্য জগত। এবে এককাৰ্য্য, সাধিবাক লাগে, শুনিয়ো যেন সাম্প্ৰত।