পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ

পুছিলা চন্দ্ৰৰ মাতা প্ৰসন্ন বদনে।
ৰামৰ লগত কেনে আসি ভৈলা বনে।
বনবাসী ভৈলা ৰাম বাপৰ আদেশে |
তুমি কেনে নথাকিলা শাশুয়েৰ পাশে॥
দাৰুণ বনত মাৰ বৰদুখ পাইবা।
ফলমূল ভূঞ্জি তৃণ শয্যাত সুতিবা
আতি সুকোমলী নাৰী সৰ্ব্ব স্থলক্ষণী।
দাৰুণ কণ্টকে মাৱ ভ্ৰমিছা কৈলানি॥
সীতায়ে বোলন্ত মাৱ কেনে বোলাছেন।
জগতে বিদিত তুমি শান্তি কন্য। যেন॥
স্বামীৰ সঙ্গ তেজিয়া শান্তিৰ কোন সুখ।
যত দুখ হৰে সবে দেখি স্বামী মুখ॥
মিছা গৃহবাস সুখ আত কাৰ্য্য নাই।
স্বামীত ভকতি কৰি স্বৰ্গ সুখ পাই॥
তুমি কি নজানা মোৰ স্বামী যেন ৰাম।
সাক্ষাত ঈশ্বৰ গুণে অনুপাম।
তান সেবা তেজিয়া থাকিবো গৃহস্থখে।
হেন কিবচন আই আসে তযু মুখে।
সত্যৱন্ত ৰমণী গায়ত্ৰী যেন সতী।
চন্দ্ৰৰ ৰোহিণী বশিষ্ঠৰ অৰুন্ধতী