পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ অৰুণ্য কাণ্ড। শূৰ্পনখী বোলে শুনা দৃঢ় কৰি মন। দশৰথ পুত্ৰ দুই আসি আছা বন॥ জ্যেষ্ঠৰ শ্ৰীৰাম নাম কনিষ্ঠ লক্ষ্মণ। ৰূপে গুণে আনন্দিতা বীৰ বিচক্ষণ ৰামৰ কামিনী আছে সীতা নামে নাৰী। ত্ৰিভূবনে নাহি তাইৰ সদৃশ সুন্দৰী॥ তাইৰ ৰূপক কোনে বৰ্ণাইবাক পাৰি। মন্দোদৰী নহিকে ৰূপৰ সৰি বৰি॥ আগত নথাকে বিদ্যাধৰি অপেস্বৰী। মহালক্ষ্মী কিবা আসিআছে অবতৰি॥ সিহেন ৰমণী নাহি সঙ্গত তোমাৰ। নিষ্ফল জীবন মিছা ভুঞ্জ৷ ৰাজ্য ভাৰ | প্ৰাণ দদা তোকে লাগি আনিতে চাহিলো। কোলে চাপি মই ধৰিবাক লাগি গৈলোঁ। ৰামে আদেশিলেক লক্ষ্মণে ধৰি বাণ। বলে ধৰি মোহোৰ কাটিলে নাক কাণ। খৰ দূষণত অভাগিণী দিলো জান। ৰামৰ হাতত ভৈল সবাৰে নিৰ্জ্জান॥ ফুৰি ফুৰি ৰামৰ সমৰ উপেক্ষিলোঁ। কেনমতে মাৰে বাণ ম‍ই নাজানিলোঁ।