পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। ৰাক্ষসক সংহৰি ৰাম ভৈলা ৰঙ্গমন। আপোন আশ্ৰমে যাই ভৈলা উপসন্ন॥ সীতা সমে লক্ষ্মণ আসিলা মহাবলী। তিনিজনে তহিতে লাগিলা গলাগলি॥ অন্যে। অন্যে মুখ চাই হৰিষ মিলিলা যুদ্ধৰ কাহিনী যত ৰাঘবে কহিলা॥ সীতাৰ মনত বৰ হৰিষ মিলিল। ৰাঘবৰ কোল চাপি গাল দি ধৰিল॥ সাতায়ে অমৃত হাতে শৰীৰ মাৰ্জ্জিলা। যুদ্ধৰ প্ৰয়াস ৰামে সব পাশৰিলা॥ বনবাসী ঋাষ সবে আসি সেহি থান। ৰামক আসংসি কৰিলন্ত বহুমান॥ তোমাৰ প্ৰসাদে ৰাম শত্ৰু গৈলমৰি। আবে সুখে হৰিক চিন্তিবো তপকৰি। নিজগুণে ঈশ্বৰ আমাক তাৰিলা। জগ তাৰণ নাম গুণ প্ৰকাশিলা॥ সজল নয়নে সীতা স্বামীত কহিলা। প্ৰতিজ্ঞা পালিলা প্ৰভু ৰাক্ষস মাৰিলা। ঋষিগণে৷ নিস্তৰিল তোমাৰ প্ৰসাদে। এহি কহি মহাসতী থাকিলা আহলাদে॥