পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। খলকিল সাগৰ লৰিল নাগপুৰ। ৰথে ছড়ি চমকিল দেবতা অসুৰ॥ গদা শুন্যে যাই যেবে ৰামৰ সন্বিত। মনত তৰসি ভৈলা বিহ্বল চৰিত। শৰ হানিবোহো কিবা ভৈল! বিমৰিষি। ফোট সাপে পাতক কৰিবেক কিস॥ অগনিৰ অস্ত্ৰক ৰাঘৱে তুলি লৈলা। শঙ্কৰৰ শূল ত্ৰিপুৰক সাজ ভৈলা। হানিল অগ্নিৰ অস্ত্ৰ গগণে উধাই। সৰ্প গিলিবাক যেন গড়ৰেক যায়॥ শৰ্পৰ তালুতে যেন অগনি লাগিল। ৰাঘৱৰ শৰে গদা নিৰ্য্যাণ কৰিল। গদা গোট ছন্ন ভৈল দেখি আছে খৰে। তৰতৰি কম্পিল সকল কলেবৰে॥ ধূমকেতু যেন গদা ভূমিত পৰিল। কম্পিল অনন্ত ফণা মুনিয়ো লৰিল। বুলিলন্ত ৰাঘৰে চাণ্ডাল নিশাচৰ। পাপৰ চৰিত্ৰ তই দুৰ্জ্জন বৰ্ব্বৰ॥ তোহোক মাৰিয়৷ যম কৱলে পঠাওঁ। পাছে আন্ত বিচাৰিয়া ঋষিসব চাওঁ। ( ৬ ) ৭৯