পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ৰামক মাৰিয়া বহিনীৰ মান সাৰে৷ নহিৰণে পৰি আজি স্বৰ্গ পন্থ ধৰো তেন শুনি সাৰথিয়ে ডাকিলেক ৰথ। শৰহানি নিৰোধিল৷ মাৰু তৰ পথ॥ ব য়ুৰ সঞ্চাৰ নাহি ইপাৰ সিপাৰ। সূৰ্য্যক ঢাকিয়া যেন মেঘ একাকাৰ॥ শৰে হানি চাইল আৰ ৰামক নেদেখি। মাৰিলে৷ ৰামক বুলি চাহন্ত নিৰোক্ষ। হেন দেখি ৰামে মহা ধনু টঙ্কাৰিলা। পৃথিবী পাতাল স্বৰ্গ সমস্তে লড়িলা!! নিজ শৰ কাটি তাৰ শৰজাল কাটি। আৰো সহস্ৰেক শৰ প্ৰহাৰিলা ডাটি লীলা কৰি যুদ্ধে দেব কৌশল্যা তনয়। মহাবীৰ খৰে জানে অস্ত্ৰ সমস্তয়॥ হানন্ত নৰাচ বৎস দণ্ডভল্ল পাশ। দুইৰো শৰে নিৰন্তৰে চানিলা আকাশ অনন্তৰে দুইৰো শৰ সংহৰন্ত দুই। দেবাসুৰ গণে চাই আছে উৰ্দ্ধ মুই॥ মহাৰথে ছড়ি যুজে খৰ নিশাচৰ। তাৰ পৰাক্ৰম দেখি ভয় সুৰনৰ 1 INES 98