পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। অৰণ্য কাণ্ড। মত্ত মাঙ্গৰ, দান্ত দুই যেন, কাঢ়ি বলে লৈলা টানি। দূষণ বীৰৰ, বাহুৰ বিষত, ছাড়ি গৈলা প্ৰাণ খানি॥ সিদ্ধ মুনি গণে, প্ৰশংসা কৰিলা, উপৰক বাহু তুলি। দেব বাদ্য বাইল, পুষ্প বৰিষিল', জয় জয় ৰাম বুলি॥ শুনা নৰ নাৰী, এক মন কৰি, ৰামৰ ৰম্য বিক্ৰম। শ্ৰবণতে মহা, পাতেক হয়, অধমো হোৰে উত্তম | ৰামেসে পৰম, সুহৃদ বান্ধব, যাক নপাই সৰ্ব্ব কালে। আন বন্ধু গণে, বেঢ়িয়া থাকয়, যাৱে থাকে লোক ভালে॥ মৰণ কালৰ, পৰম সহায়, এবে ধৰি নীতি, জানিবা ৰামৰ নাম। ডাকি বোলা ৰাম ৰাম || ভকতি কৰিয়ো,