পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭. অৰণ্য কাণ্ড। দেব ৰঘুনাথে, পন্থতে কাটিলা, খুৰপতি শৰে তাক। পাছে শ্ৰীৰামক, দূষণে হানিল, মায়াময় শৰ ঝাক মায়াশৰ হানি, নিবাৰিলা ৰামে, দূষণে বিস্ময় পাছে। যমদণ্ড সম, শূলেক হানিয়া, আস্ফোট কৰন্তে আছে। দেখি দেৱৰামে, মহামন্ত্ৰ হানি, পথতে পেলাইলা কাটি। পৰ্ব্বত সদৃশ, পৰিঘেক পাই, দূষণে ধৰিলা ডাটি॥ অযুত লোহাৰ, পৰিঘ দুৰ্ব্বাৰ, ৰত্নে কৰে চিকিমিকি। চাহিতে নোৱাৰি, ত্ৰিদশ দেবতা, ভয়ে মুদিলন্ত আখি॥ মেঘৰ মাজত, সূৰ্য্য লুকাইলন্ত, অস্ত্ৰৰ দেখি প্ৰভাৱ || দুই হাতে উচ্চায়া, দূষণ ৰাক্ষসে, চলিলা ৰামৰ ঠাৰ।