পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ত্ৰৈলোক্যৰ নাথ, দুলড়ি। ৰাম ৰঘু পতি, হাসন্ত হৰিষে চাই। ত্ৰিভাগ সৈন্যৰ, তাগেক আছয়, ভয়ত সবে পলাই। দূষণে আশ্বাস. বোলে নপলাস, ৰহ ৰহ সেনাগণ। মাৰোহোঁ ৰামক, দেখহ প্ৰত্যেক, শুনিয়া জপাইলা ৰণ। গন্ধৰ্বৰ শৰক, হানিলা সেনাক, ৰামচন্দ্ৰ ঋষিকেশ। কাটন ফুটন, শৰে যাই পাই, নাশিলা সৈন্য অশেষ॥ সৈন্য ছন্ন দেখি, দূষণ কিটাইল, দিব্য একশৰ পাইলা। কটে৷ দূৰ হন্তে, ৰামক লাগিয়া, হুঙ্কাৰে মাৰি পঠাইলা। ৬৯