পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। এহিশুনি নিশাচৰী গৈলেক উল্লসি। খৰৰ মুখক চাই তুলিলেক হাসি॥ সাৰ্থক ৰাক্ষস তই ৰাৱণৰ ভাই। হৰিষ লভিলোঁ ভাই তোৰ গহপাই। শীঘ্ৰে চল মাৰ যাই ৰাম লক্ষ্মণক। পিওঁ শোণিত ভুঞ্জে। কোমল মাংসক খৰে বোলে দূষণ শুনহ মোৰ বাণি। এহিক্ষণে ৰথ খান সাজিদিয়া আনি। চৈধ্যৰ সহস্ৰ মোৰ ৰাক্ষসৰ বল। মই সেনাপতি হুয়া চলাওঁ সকল॥ এহি শুনি দূষণে সাজিলা ৰথ খান। শুবৰ্ণ মণ্ডিত জ্বলে আদিত্য সমান॥ যত অস্ত্ৰ শস্ত্ৰ নিৰন্তৰে তাতে আছে। খৰৰ আগত নিয়া যোগাইলেক পাছে। তাহাত ছড়িল খৰ বীৰ মহা চণ্ড | মেৰুৰ উপৰে যেন কাল মেঘ খণ্ড॥ চতুৰ্দ্দিশে বেঢ়ি যাই নিশাচৰ বলে। কালপৰ্ব্বতেক সম যেন মেঘ চলে॥ শুনা নৰ নাৰী ৰাম দেবৰ বিক্ৰম। অধমো শুনিলে হোৰে পৰম উত্তম ৬১ FFF