পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। জানকী লক্ষ্মণে দেখিলন্ত দূৰে বসি। স্বৰ্গত উদিত যেন পূৰ্ণিমাৰ শশী॥ ৰাম লক্ষ্মণ সাতা ভৈলা একটাই। পৰম হৰিষ ভৈলা ফল মূল খাই॥ পুছিলন্ত কথা সীতা সুমিত্ৰাৰ সুতে। যুদ্ধৰ কাহিনী ৰামে কহিলা সমস্তে॥ ে ছৈধ্যৱ ৰাক্ষন ৰামে মাৰিবাৰ দেখি। মহাভয়ে পলাই গৈলেক শূৰ্পনথী। চৈধ্যৱ ৰাক্ষৰ মাৰি মহাত্ৰাস ভৈলা। খৰৰ আগত পৰি কান্দিবে লাগিলা॥ খৰে বোলে কেনে মাৱ বিলাপ কৰস। বৈৰ মাৰিবাক গৈল চৈধ্যৱ ৰাক্ষন॥ কিবা আৰু মনে আছে সাধিবো তোমাৰ। শীঘ্ৰ কৰি কহ মাৱ কৰোঁ প্ৰতিকাৰ শূৰ্পনখী বোলে কত কদৰ্থস মোক। ৰামৰ হাতত তই যাইবি যম লোক মাৰিল৷ তিলেকে ৰামে চৈধ্যৰ ৰাক্ষস। দণ্ডকা বনত তই বীৰ বোলাৱস॥ তোমাৰ বাৰত্ব নিতে ঋষিমাৰি খাস। বাণ্টে বন পৰিহৰি দেশক পলাস॥