পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। হানিলে শকতি শূল গদা যুগৰ। দেখিয়া হৰিষি ভৈলা জগত ঈশ্বৰ॥ ভালেখ কৰিয়া শৰ ৰাক্ষসে হানিল। ধনুধৰি ৰামে তাক পন্থতে ছেদিল অস্ত্ৰসব হত দেখি ৰাক্ষসে কিটাইল। চতুৰ্দ্দিশে শূল ধৰি শ্ৰীৰামক ধাইল। চৈধ্যশৰে প্ৰভুতাক পেলাইলন্ত ছেদি। থাক থাক বুলি ৰাক্ষসক যাই খেদি॥ ত্ৰৈলোক্য নাথৰ ক্ৰোধ উধাই মনত চৈধ্য গোটা সিলিমুখ জুড়িলা গুণত॥ ৰাক্ষসৰ হিয়া ফুটি পিঠি ভৈলা বাজ। পৃথিবী বিদাৰি গৈলা সাগৰৰ মাজ | নাগ লোক পশি যাই গঙ্গাত স্নানিলা। পুনৰূপি ৰাঘবৰ টুণত পশিলা। চৈধ্যৱ ৰাসক্ষ মাৰি ভূমিত পাৰিলা। টল বল কৰি মহী মণ্ডল লড়িলা ৰাক্ষস সংহৰি ৰাম ৰণ জয় ভৈলা। দেবগণে ৰঙ্গমনে পুষ্প বৰিষিলা॥ জয় জয় ৰাম বুলি জয় বাদ্য বাইলা। হৰিষে আসিয়া ৰাম আশ্ৰমক পাইলা | IF