পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 অৰণ্য কাণ্ড। ৰামৰ আদেশে খড়গ ধৰিয়া লক্ষ্মণে। যেন শৃগালীক ধাই গৈলা তেতিক্ষণে॥ একে ডেৱে যাই ছেদিলন্ত নাককাণ। S স্ত্ৰীৰ কাৰণে তাইক নমাৰিল৷ প্ৰাণ নাকৰ কাণৰ তেজ বোম্বালে পৰিল। আৰ্ত্তনাদ কৰি ভাই কান্দিয়া চলিল॥ আছোক সীতাক খাইব আপুনি পলাই। লক্ষ্মণে খেদয় বুলি পাছক নচাই। স্নাতক নাহিক মুখে দেহে নাহি প্ৰাণ। লক্ষ্মণৰ হাতে আসি ভৈলোহু নিৰ্জ্জান॥ কটা নাক কাণ তাই মুঠি কৰি লৈই। খৰ ভায়েকৰ আগে পৰিলেক গৈই। কান্দি কান্দি কহে খৰ দূষণৰ আগে। শুনা দুই দদা মোৰ জীবাক নলাগে! তোৰ বহিণীৰ মোৰ ভৈল এত মান। মানুষে কাটিল৷ মোৰ দেখা নাককাণ॥ বহিণীৰ বিলাই দেখি বোলে ক্ৰোধে খৰ আপুনি মৰিতে আইল সিটো কোন নৰ॥ ৰাৱণৰ বহিণীৰ কাটে নাক কাণ। সিটো আবে পলাই থাকিব কোন থান #