পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
অসমীয়া ৰামায়ণ

কোন ছাড় সীতাক সুন্দৰী বুলি ধৰা।
এহি পাপিষ্ঠিক পাই আমাক নবৰা॥
মোৰ দোষ নাহি তেবে আৰ কিবা চাওঁ।
তোমাৰ আগত সীতা সতিণীক খাওঁ॥
তুমি ৰাম সমে ৰতি ভুঞ্জোৰঙ্গ মনে।
এহি বুলি নিজ ৰূপ ধৰি তেত্তিক্ষণে॥
ভয়ঙ্কৰ ৰূপ ভৈলা পেট গোট খাল।
লহ লহ জিহ্বা যে সোতোৰা দুই গাল॥
বিকট দৰ্শন চয় উচ্চনাক গোট।
কুৰুকুটা কেশ বেশ লম্বা দুই ওঠ॥
ডম্বৰুৰ পাত যেন ছোৱন্তে ছাল যাই।
ওভতা লোমৰ শাৰী উলুবন প্ৰাই॥
হাত পাৱ ভেঙ্গুৰা যে ৰঙ্গা দুই আখি।
কুড়ি গোটা তীক্ষ্ণ নখ যেন বজ্ৰ দেখি॥
মুখ গোটা মেলি খেদি যাই জানকীক।
ৰাহুৰ ঘৰনী যেন ধাইল৷ ৰোহিণীক॥
দেখিয়া সম্ভ্ৰমে ৰামে ভেণ্টিলন্ত আগ।
বোলন্ত লক্ষ্মণ ভাই ঝাণ্টেলোৱা লাগ॥
সীতাক ৰাক্ষসী খাই কৰা পৰিত্ৰাণ৷
কাটা শূৰ্পনখীৰ সত্বৰে নাককাণ॥