পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
অসমীয়া ৰামায়ণ

পৰিহাস বাক্য তাইক বুলিলন্ত ৰাম।
সাফল জনম তোৰ শূৰ্পনখী নাম॥
কিন্তু মোৰ কামিনী আছন্ত সীতাসতী।
তই আবে চল ভাই লক্ষ্মণৰ ভিতি॥
মোহোৰ বচনে তই বিলম্ব নকৰ।
লক্ষ্মণক প্ৰীতি কৰি তাকে তই বৰ॥
চিৰকাল লক্ষ্মণ আছন্ত ভাৰ্য্যা ছাড়ি।
দুখ পাশৰোক ভাই চলিয়ো সুন্দৰী
সীতাৰ ৰামৰ দৃঢ় প্ৰেমভাৱ দেখি।
লক্ষ্মণৰ পাশক চলিলা শূৰ্পনখী॥
সীতা সমে ৰামে চাই আছা ৰঙ্গ মন।
লক্ষ্মণৰ পাশে তাই ভৈলা উপসন।
কৰ জোড় কৰি বোলে শুন৷ মহাবীৰ।
ৰামত অধিক তুমি সুন্দৰ শৰীৰ।
ৰামক নবৰি আসি ভৈলে। তযু পাশ।
বৰিলোঁ তোমাক স্বামী পূৰা মোৰ আশ॥
স্ত্ৰীজাতি জানা আমি কোমল হৃদয়।
সুন্দৰ পুৰুষ দেখি মদনে দহয়।
খৰালিত নদী যেন জল নাই নাঠি।
দিনে দিনে নাৰীৰ যৌবন দেই ভাঠি॥