পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। দেখি শূৰ্পনখী, তব্ধ ভৈলা আখি, কামে ভৈলা মহা ভোল। মনে গুণি বোলে, ইটো পুৰুষৰ, কেন মতে পাও কোল॥ সীতাক নিৰেখি, বোলে শূৰ্পনখী, ই আই কি তপ খাইলা। তিনিয়ো ভুবনে, নাহি দেখো হেন, পুৰুষক স্বামী পাইলা H ইটো পুৰুষক, স্বামী নপাওঁ যেবে, নিষ্ফল মোৰ জীৱন। ধৰোঁ দিব্যৰূপ, মোক দেখি যেবে, ইহাৰ টলয় মন। আৰ সমীপত, আছয় সুন্দৰী, তাইতো ধিক ৰূপ ধৰোঁ। এইক তেজিয়া, যেন ভজে মোক, হেনৰূপ আজি কৰোঁ। এই বুলি তাই, জানে বহু মায়া, দিব্য ৰূপ ধৰিলেক। দিব্য অলঙ্কাৰ, বস্ত্ৰ জাতিষ কাৰ, তনুগোট মণ্ডিলেক॥