পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 অৰণ্য কাণ্ড। তাহান গৰুড় নাম, তিনিয়ো জগতে খ্যাত, কৃষ্ণৰ বাহন পক্ষী ৰাজ। গড়ৰ পুত্ৰ আমি, কাশ্যপ ঋষিৰ নাতি, থাকোঁ এহি পুন্য বন মাজে॥ জ্যেষ্ঠ ভাই আছে মোৰ, নামত সম্পাতি তান, আমি সৰ্ব্ব কাৰ্য্যত সামৰ্থ। মোৰ ইটো থান জানা, তোমাৰেসে অধিকাৰ, আছিলন্ত মিত্ৰ দশৰথ॥ কিসক আসিলা বন, সঙ্গে সীতা লক্ষ্মণ, সাক্ষাতে ঈশ্বৰ তুমি ৰাম। হেন শুনি ৰাম চন্দ্ৰ, পৰম আনন্দ ভৈলা, প্ৰকটি কহিলা নিজ কাম ৰাৱণৰ ভগ্নি যে, শূৰ্পনখা নিশাচৰী, ৰাম চন্দ্ৰ আছা বসি, সেই বনে ফুৰে তাই চৰি। যেন পূৰ্ণিমাৰ শশী, সঙ্গে সীত৷ আছন্ত সুন্দৰী। দেখিলা ৰাক্ষসী যাই, এক দৃষ্টি আছ৷ চাই, কটো দূৰে আছন্ত লক্ষ্মণ। ৰামৰ দেখিয়। ৰূপ, ত্ৰিভূবন মনোহৰ, শূৰ্পনখা মোহ ভৈলা মন॥