পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া ৰামায়ণ। ৩১

দেখি গাৱ চালিলন্ত ঋষি সৰভঙ্গে।
ৰাম লক্ষ্মণক অৰ্চ্চিলন্ত মহাৰঙ্গে॥
প্ৰণামিয়া পাছে ৰামে পুছিলেক কথা।
আদি অন্তে মহাঋষি কহিলা ব্যবস্থা ৷৷
আমাক নিবাক আসিছিলা দেবৰাজ।
তোমাক দেখিয়া লাজে গৈলা স্বৰ্গমাজ ৷৷
সাক্ষাতে ঈশ্বৰ ৰাম তোমাক দেখিলো।
সেহিসে কাৰণে আমি স্বৰ্গক নগৈলোঁ ৷৷
তোমসাক দেখিয়া তৰয় সবে লোক।
তোমাতে ভকতি হৌক আজ্ঞা কৰিয়োক
শ্ৰীৰামে বোলন্ত কথা শুনিতুষ্ট ভৈলোঁ।
আন উপদেশ দিয়া হেৰা আমি চলোঁ।৷
ঋষিয়ে বোলন্ত চলা সুতীক্ষ্ণৰ পাশে।
ভুঞ্জা ফল মূল জানা দিলোঁ উপদেশে॥
এহি বুলি সৰভঙ্গে অগনি জ্বালিল।
মন্ত্ৰক পঢ়িয়া ঘৃতে আহুতি কৰিল।৷
দেখন্ত লক্ষ্মণ সীতা ৰাম হৃষিকেশ।
ডেৱ দিয়া ঋষিভৈলা অগ্নিত প্ৰবেশ॥
তাহাঙ্ক দহিয়া পাছে অগনি নিমাইল।
সৰভঙ্গ ঋষি মহাৰঙ্গে গতি পাইল॥
( ৩ )