পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩০অৰণ্য কাণ্ড।

সালঙ্কাৰ পুৰুষক দেখি জ্যোতিৰ্ম্ময়।
জ্বলন্তে আছয় পাৱে ভূমি নুচুৱয়॥
দিব্য চাৰি হয় ৰথ আছে কতোদূৰে।
দুই দিব্যনাৰী ঢোলে ধৱল চামৰে॥
দেবেতুতি বোলয় গন্ধৰ্ব্বে গাৱেগীত।
লক্ষ্মণক চাই ৰামে বুলিলা তহিত॥
হৰিদ্ৰাৰ বৰ্ণ দেখা এহে দেব ৰাজ।
সীতাক ৰাখিব তুমি বুজি আছোকাজ॥
এহিবুলি ৰঘুপতি কৌতুকে চলিল৷ ৷
কতোদূৰ যান্তে ইন্দ্ৰে ৰামক দেখিলা॥
ঋষিক প্ৰণামি ইন্দ্ৰে বিদায় মাগন্ত।
আমাক দেখিবে প্ৰতি শ্ৰীৰাম অ সন্ত ৷৷
আমাৰেসে কাজে প্ৰভু পান্ত বৰ দুখ ৷
কোন লাজে দেখিবোহো বান্ধবৰ মুখ॥
দেবকাজ সাধি বধি দুষ্ট দশানন।
যৈশানি সীতাক পাইবা ভকত বৎসল॥
তৈসানিসে সম্ভাষিবো দেব ৰাঘৱক।
এহি বুলি বেগে ইন্দ্ৰে গৈলন্ত স্বৰ্গক॥
আগে যাই ৰামে ঋষি আশ্ৰমক পাইলা।
সীতা লক্ষ্মণেয়ো যাই পাছে প্ৰবোশিলা ৷৷