পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া ৰামায়ণ।

ভকত বৎসল ৰাম কৰা মোক দয়া।
চিতা সাজি দহিয়ো মোহোৰ ইটো কায়া ৷৷
কৰিলোঁ কাতৰ বাপ ক্ষেমা কৰিওক।
জগত পবিত্ৰ প্ৰভু যশস্যা থাকৌক॥
ভকত বৎসল ৰাম তাতে তুষ্ট ভৈলা।
কাষ্ঠ আনিবাক লাগি লক্ষ্মণক আদেশিলা॥
চিতা সাজি লক্ষ্মণে দহিল৷ বিৰাধক।
দিব্য ৰূপ ধৰি গৈলা উত্তম স্বৰ্গক ৷৷
জগত পবিত্ৰ ৰাম নাম গুণ গাই।
পুত্ৰ ভাৰ্য্যা সমে যাই ভৈলা এক ঠাই॥
সীতাক পাইলন্ত প্ৰভু আনন্দ মিলিলা।
জিলোঁ প্ৰাণেশ্বৰী বুলি আলঙ্গি ধৰিলা॥
সীতাৰ মণ্ডিলা দুঃখ দেখি ৰাম মুখ।
কটোক্ষণে থিত ভৈলা লভি মহা সুখ॥
ৰামে বোলন্ত ত এথা ৰাক্ষস অবশেষ।
সীতাৰ নিৰ্ভয় হেতু চলোঁ আন দেশ ৷৷
লক্ষ্মণে সহিতে প্ৰভু তেখনে উঠিলা।
সৰভঙ্গ ঋষিৰ আশ্ৰম যাই পাইলা॥
অদভুত দেখিলন্ত কতোদূৰে ৰহি।
ধবল ছত্ৰেক যেন পূৰ্ণিমাৰ শশী॥