পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অসমীয়া ৰামায়ণ

ৰামৰ প্ৰহাৰে নিশাচৰে ছোট পাইল।
অন্তকালে যমে যেন বিৰাধ কিটাইল॥
আঠগোটা সিংহ খঙ্গে আছাড়ি পেহলাইলা।
ত্ৰিশূল সম্মুখ কৰি লক্ষ্মণক ধাইলা॥
প্ৰলয়ৰ মেঘে যেন তেজিলা আটাস।
যত বন বাসী ঋষি ভৈলা মহা ত্ৰাস॥
লক্ষ্মণক হানিলেক মাৰোঁ আজি বুলি৷
ইন্দ্ৰৰ কুল্লিস যেন বেন্ধে আসে চলি॥
দেখিৰামে হানিলা সাক্ষাতে যম দণ্ড।
খুৰপতি শৰে শূল ভৈলা খণ্ড খণ্ড॥
লক্ষ্মণ ভাতৃক ৰামে আপনি ৰাখিল।
সুবৰ্ণ পুঙিখয়া শৰ পুনছ হানিল॥
বিৰাধৰ হৃদয়ত সন্ধানে ভেদিলা।
সীতাক ভূমিত থৈয়া ৰাক্ষস পৰিলা॥
পৃথিবী কাম্পন্তে যেন পব্বত কাম্পয়।
মুখৰ ৰুধিৰ গেৰু ধাৰে নিজৰয়॥
ৰামক প্ৰণাম কৰি বিনান্ত বিৰাধ।
পূৰ্ব্ব কথা কহো গোসাই এৰা অপৰাধ॥
আছিলোঁ গন্ধৰ্ব্ব কুবেৰৰ অনুচৰ।
নামত তম্বৰু তাঙ্ক সেবিলোঁ বিস্তৰ॥