পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ৰাম লক্ষ্মণ দুইভাইৰ বিদ্য মানে। সীতাৰ এতেক ভৈল৷ জীও কোন গুণে॥ প্ৰাণ তেজো কেকৈৰ পুৰোঁক মনোৰথ। আবে অকণ্টকা ৰাজ্য ভুঞ্জোক ভৰত। কৌশল্যায় দশৰথে কৰিলা কাকুতি। নপাৰিলা পলটাইতে তভু তাইৰ মতি॥ মৰিবাক লাগি পঠাইলেক ঘোৰ বন। দীতাৰ বিপত্তি দেখি কিধৰোঁ জীৱন হেন শুনি হাত জোড়ে বোলন্ত লক্ষ্মণ। মন্যু পৰিহৰি প্ৰভু থিৰ কৰা মন। মই ভৃত্য থাকন্তে তোমাৰ কাক ডৰ। ত্ৰিভুবন মৰ্দ্দিবাক পাৰে৷ একেশ্বৰ॥ আজ্ঞা দিয়ো মোক হেন বিৰাধক মাৰোঁ। ভৰতৰ মান্য যত ৰাক্ষসতে সাৰো। সীতাসে কান্দন্ত ৰাম লক্ষণক চাই। হৰি হৰি বিধি কিনো কৰিলি বিলাই হেন দেখি লক্ষ্মণৰ ক্ৰোধ উপজিল। ধনুক টঙ্কাৰ কৰি পৃথিবী পূৰিল। ৰামে সন্ধুক্ষণ হুয়া বোলে লক্ষ্মণক 1 মোহোক বিস্তৰ নিন্দি লগাই আছে শোক