পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 অৰণ্য কাণ্ড। মাৰোঁ আন শৰে মোৰ পাপ হৌক অন্ত। এহি বুলি তাঙ্ক খঙ্গ তোলাইবে লৈলন্ত। ক্ৰোধে বিৰাধে বোলে দৰ্পে খৰ বাণি। দুৰ্ব্বাৰ বিৰাধ মোক নজানয় কোনি॥ শূলে হানি তোৰা দুইক পেশোঁ যমঘৰ। পৰ নাৰী হৰি নেস বনৰ ভিতৰ॥ পৰ নাৰী হৰি নেস আতি বৰ ৰঙ্গে। দুইৰো প্ৰাণ যাইবে এই সুন্দৰীৰ সঙ্গে॥ ৰাক্ষসৰ মনুষ্য জানিবা নিক ভক্ষ্য। তোৰ৷ দুইক জিনিবাক নাহিকে অশক্য বিৰাধৰ দুৰ্ব্বাৰ বচন হেন শুনি। ৰামেয়ো সীতাক স্নেহে মোহ ভৈলা জেনি সম্বোদ্ধি বোলন্ত ৰামে কেন ধৰাঁ জীৱ। ৰাক্ষসৰ কোলে জ্বলে জনকৰ জীৱ। ৰাঘে যেন ধৰিলে হৰিণী ভৈলা ভয়। হা বান্ধৈ কিনো আতি ভৈলা বিপৰ্জ্জয়॥ খঞ্জন নয়নী পূৰ্ণ চন্দ্ৰমা বদনী। জনক ৰাজাৰ নিজ কুলৰ নন্দিনী॥ দশৰথ নৃপতিৰ প্ৰথম বহাৰী। পূৰ্ণচন্দ্ৰ গ্ৰাসিলেক যেন ৰাহু ধৰি॥