পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। দশৰথ শশুৰক, চা পিতৃ মোৰ নিয়াইলন্ত, ভৈলা মহা মাঙ্গল্য উৎসাহ। পিতৃপাছে বিধিৱতে, ৰাজ্য ভাৰ সমৰ্পি যে, দিলা মোক ৰামত বিবাহ॥ বহিনী উৰ্ম্মিলা নাম, ৰূপে গুণে অনুপাম, লক্ষ্মণত পিতৃ বিহাদিলা। পাছে দিব্য ৰথে ছড়ি, আসন্তে অযোধ্যা পুৰি পশু ৰামে পথক ভেণ্টিলা। তাহান স্বৰ্গৰ পহু F প্ৰভু ৰামে ছেদিগন্ত, আশংসিয়া গৈল৷ লাজ পাই। পাছে মহা কৌতুহলে, সুমঙ্গলে সমদলে, প্ৰবেশিলা অযোধ্যাত যাই॥ যত মহা দিব্যভোগ, স্বামী সঙ্গে ভুঞ্জিলোহো, তাক কিবা কহিবাক লাগে। ৰামচন্দ্ৰ হেন স্বামী, সেবিবাক পাইলো আমি, কতবা জন্মৰ পূণ্যভাগে॥ কেকৈয় শাশুৰ হন্তে, প্ৰভু বনবাসে আইলা, তথাপিতে৷ নাই মোৰ দুখ। স্বৰ্গত অধিক মোৰ, বনতে জানিবা সুখ, দেখোঁ নিতে বান্ধবৰ মুখ॥ ১৯