পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
অৰণ্য কাণ্ড।

কাষতে লোহিত, বহে পুণ্য তীৰ্থ,
 শিব লিঙ্গ কামেশ্বৰ।
অপৰূপ ভৱ, কেদাৰ কমল,
 লিঙ্গ ৰূপ মনোহৰ॥
ৰম্য পাট বস্ত্ৰ, ওপজে তাহাত,
 তান্তি নাম শূদ্ৰ জাতি।
পৰম কল্যানে, তথাতে আছিলা.
 বিষ্ণুত কৰি ভকতি॥
তথা দ্বিজবৰ, কৃষ্ণৰ কিঙ্কৰ,
 আছিলা ৰত্ন পাঠক।
ভাগবত তত্ত্ব, প্ৰবৰ্ত্তাইল সত্ৰ,
 তৰাইলা বহু লোকক॥
তথা উতপত্তি, তাহন সন্ততি,
 ভৈলা মাধবৰ বৰে।
ভাগবত তত্ত্ব, সৰ্ব্বশাস্ত্ৰ মত,
 উদ্ধাৰি আনি আদৰে॥
বাল্মিকীৰ কৃত, ৰামায়ণ শাস্ত্ৰ
 ভকতিৰ যত্ন কৰি।
কথাবন্ধে সাৰ, ৰচিলো পয়াৰ,
 শুনা সবে নৰনাৰী॥