পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
অসমীয়া ৰামায়ণ।

প্ৰণামিয়া পাছে মই কৰিলোঁ কাতৰ।
শাপ সীমা কৰি ঋষি মোক দিয়া বৰ॥
বৈসানি ঈশ্বৰ বাম ৰূপ অবতৰি।
তোৰ বাহু ছেদিবন্ত হাতে খড়্গ ধৰি॥
তৈসানি আপোন ৰূপ ধ ৰবি শোভন।
এহি বুলি অন্তৰ্দ্ধান ভৈলা তপোধন।৷
তেতিক্ষণে দনু নামে ৰাক্ষসেক ভৈলোঁ।
চিৰকালে আৰাধিয়া ব্ৰহ্মাক পূজিলোঁ।৷
চিৰকাল পূজিবাৰ ব্ৰহ্ম৷ দিলা বৰ।
সেহিগৰ্ব্বে ইন্দ্ৰক যুজিলোঁ একেশ্বৰ॥
ভয় ভৈল ইন্দ্ৰ দেখি যুদ্ধৰ প্ৰবন্ধ।
বজ্ৰ হানি শৰীৰত বৈসালেক কন্ধ॥
এতেকেসে নাহি মোৰ শিৰ ওপৰত।
হৃদয়ত পশি অছে বজ্ৰৰ ঘাৱত॥
বাসবে থৈলন্ত কবন্ধ মোৰ নাম।
ব্ৰহ্মাৰ বৰত তভু নগৈল পৰাণ॥
তুতি কৰি বুলিলোঁ শুনিয়ো দেবৰাই।
মুখ নাহি দিয়ো মোৰ জীৱন উপাই॥
হেন দেখি ইন্দ্ৰৰ পলাইল মন দুখ।
দীৰ্ঘ দুই বাহু দিল৷ হৃদয়ত মুখ॥