পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৬
অৰণ্য কাণ্ড।

প্ৰাণ হাড়ি যাইতে মুখে ৰাম উচ্চৰিল।
ঘাঁড় গোট পলটাই ভূমিত পৰিল।৷
মৰিল কাশ্যপ নাতি ৰাম ৰাম জপি।
কটোক্ষণে মানে তনু আছিলেক কম্পি।৷
দেৱে যাক নপাৱে পাইলেক সেইগতি।
দেখি ৰাম লক্ষ্মণ বিস্ময় ভৈল অতি॥
পাছে দুই ভাই চিতা খান নিৰ্ম্মিলন্ত।
স্নেহে জটায়ুক তাতে তুলি দহিলন্ত॥
দুই ভাই স্নান কৰি দিলা জলাঞ্জলী।
বহুযত্নে দিলা ছটকৰ কাৰ্য্য বলি॥
সৰ্ব্ব কাৰ্য্য সঙ্কলি চলিলা পাছে দুই।
ফুৰন্ত বনত দুয়ো বিয়াকুল হুই॥
অনন্তৰে পাইলেক কবন্ধ নিশাচৰ।
মুণ্ডনাহি গাণ্ডি গোট দেখি ভয়ঙ্কৰ॥
ৰাম লক্ষ্মণক দুইকো ধৰিলন্ত বলে।
গিলিবাক চাৱে কোল চাপি কৌতুহলে॥
ৰামে বোলন্ত লখাই মৰিলোঁ এবেসে।
দুয়ো ভাইক ধৰি হেৰা গিলয় ৰাক্ষসে॥
কেকৈ মাতৃৰ সাকলিলে মনোৰথ।
অকণ্টকে এবেৰাজ্য ভুঞ্জোক ভৰত॥