পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
অসমীয়া ৰামায়ণ।

এহি বুমি ধনুৰ্বাণ ধৰি দুই ভাই।
বনত ফুৰন্ত দুখে জানকীক চাই॥
মুঞ্জ কুঞ্জ বনে বিচাৰিলে নিৰন্তৰে।
চাহিলা নিঃশষে পশি গিৰিসে গহ্বৰে।৷
গোদাবৰী নদীৰ চাহিল৷ দুয়োপাৰ।
সীতাক নেদেখি দুখে দেখন্ত আন্ধাৰ॥
পাছে কোপে জ্বলিলেক ৰাম মহাবীৰ।
অগ্নি অস্ত্ৰ ধৰি পৃথিবীত ভৈলা থিৰ॥
বুলিলন্ত ক্ৰোধে অগ্নিসম দুয়ো আঁখি।
চন্দ্ৰ সূৰ্য্য বায়ু বহ্ণি জল হৈব৷ সাক্ষী॥
দেব সিদ্ধ সাধ্য গন্ধৰ্ব্বক বোলোঁ বাণি।
জীবা যেবে সীতাক এখনে দিয়া আনি।৷
তিনিয়ো লোকৰ যেবে সাধিবোহো ভাল।
কোনে সীতা নিলে দেখাই দিয়োক সোনকাল।৷
ৰাজ্য অভ্যন্তৰ সবে দেখা দেব গণ।
কোনে নিলে সীতাকেসে নোবোলা বচন॥
হেৰা মোৰ দোষ নাই সবে আছা চাই।
সীতাৰ সন্তাপ পাই মোৰ প্ৰাণ যাই।৷
হেৰা অগ্নি শৰ মাৰি স্বৰ্গ চুৰকৰোঁ।
পৃথিবী পাতাল পুৰি দেবক সংহাৰোঁ॥