পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অৰণ্য কাণ্ড। ৰাম সিংহ আগে, ৰাজা গণ যত, দেখিলো মৃগৰ প্ৰাই। ৰামক দেখিয়া, মইভোল ভৈলো, একদৃষ্টি আছে৷ চাই॥ সেহি সময়ত, ঋষি বিশ্বামিত্ৰ, বাপক বুলিলা বাণি। দশৰথ পুত্ৰ, এহেন্তে শ্ৰীৰাম, দিয়ো আঙ্ক কন্যা খানি॥ সাক্ষাতে ঈশ্বৰ, ভৈলা অবতাৰ, প্ৰকাশিবা নিজ যশ। আমাৰ যজ্ঞক, এহেন্তে ৰাখিলা, বধিয়া সবে ৰাক্ষস তোমাৰ পৰম, ভাগ্য আছে জানা, কৰা আঙ্ক কন্যাদান। সীতাৰ উচিত, এহেন্তেসে স্বামী, নাহি নাহি নাহি আন॥ ঋষিৰ উত্তৰ, শুনিয়া বাপৰ, আনন্দ ভৈলা অপাৰ। সম্বোদ্ধি বোলন্ত, কিন্তু এক কাজ, সাধিতে লাগে আমাৰ।