পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
অসমীয়া ৰামায়ণ।

অবিলম্বে ৰামে আসি ৰাবণ মাৰিবা।
তুমিয়ো কল্যাণে ৰাম স্বামীক লভিব৷।৷
তোমাৰ যে স্বামী ৰাম বিষ্ণু অবতাৰ।
ৰাক্ষসক মাৰি দুখ খণ্ডিবে আমাৰ॥
তোৰা দুইৰে৷ এহি গুণ নাম শুনিয়োক।
অপ্ৰয়াশে পাইবে গতি তৰি ভয় শোক॥
ৰামক লাগিয়া আই তেজা দুখ মন।
নিশ্চয় জানিবা মই বুলিলোঁ বচন॥
ৰাক্ষসী লোকক হানিআছো নিদ্ৰা বাণ।
শঙ্কাছাড়ি আই ভুঞ্জিয়োক পৰমান॥
হেন শুনি গুণি সীতা দিলন্ত উত্তৰ।
কিমতে জানিবো তুমি ইন্দ্ৰ পুৰন্দৰ।৷
ইন্দ্ৰৰ চৰিত্ৰ মোত কহিলন্ত স্বামী।
তেবে পতিয়াওঁ নিজ ৰূপ ধৰা তুমি॥
হেন শুনি ইন্দ্ৰে ধৰিলন্ত নিজভাৱ।
প্ৰকাশন্ত ধৰণী চোৱে তান পাৱ।৷
সহস্ৰ লোচণ হাতে আছে বজ্ৰ অস্ত্ৰ।
চক্ষুৰ নিমিষ নাই গাৱে ৰঙ্গা বস্ত্ৰ॥
চিনিলন্ত শান্তি সীতা চিন্তা গৈল দুৰ।
বোলন্ত তুমিসে পিতা তুমিসে শ্বশুৰ॥