এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
অসমীয়া ৰামায়ণ।
পতিব্ৰতা স্ত্ৰীৰ, স্বামীসে জীৱন,
স্বামীসে মুখ্য প্ৰধান।
পৰম ভকত, সীতা মৰে যেবে,
ৰামেও তেজিবে প্ৰাণ।৷
ৰামে নমাৰিলে, ৰাক্ষস কুলৰ,
কোনে নো চিন্তিবে মাৰ।
সাক্ষাত ঈশ্বৰ, জগত ৰাখিতে,
ৰাম ভৈলা অবতাৰ॥
তাহান ভাৰ্য্যাক, সীতাক হৰিতে,
শকতি আছে কাহাৰ।
জগত নিস্তাৰ, কথাৰ কাৰণে,
কৰন্ত হৰি বিহাৰ॥
আমি সব তান, চৰণৰ দাস,
সদায়ে লাগে সেবিত।
এতেকে ভকতি, থাকোক সীতাত
চলিয়ো ইন্দ্ৰ ত্বৰিত॥
শুনা সভাসদ, তেজা গৃহ বাস,
ব্ৰহ্মাৰো দেখা ভকতি।
সমস্ত লোকৰ, ৰামেসে ঈশ্বৰ,
জানি থিৰকৰা মতি॥