পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৩
অসমীয়া ৰামায়ণ।

জীবন তোধিক, বোলস নাৰীক,
 এতেক কৰি মিনতি।
তিৰীৰ চৰণে, প্ৰণাম কৰস,
 গৈলি তই অধোগতি।৷
যদ্যাপি ব্ৰহ্মাত, শৰণ পশস,
 নহি যদি শঙ্কৰত।
দিগ পালে যদি, ৰাখে তথাপিতো,
 মৰিবি ৰাম শৰত॥

—০—


ছবি।

শুন দুষ্ট কহো নিষ্ট, ভৈলা তোৰ মহা ৰিষ্ট,
 যেখনে আনিলি মোক হৰি।
ৰাম প্ৰভু আসিবন্ত, সমুদ্ৰক শুষিবন্ত,
 শৰে দহিবন্ত লঙ্কা পুৰি॥
মোৰ মান সাৰিবন্ত, শিৰ তোৰ ছেদিবন্ত,
 শৰে বিচাৰিব তোৰ আন্ত।
ৰাক্ষসক মাৰিবন্ত, দেব কাৰ্য্য সাধিবন্ত,
 জগতৰে দুখ খণ্ডিবন্ত॥