পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

98 অৰণ্য কাণ্ড। বিশ্বামিত্ৰ ঋষি, ৰাম লক্ষ্মণক, ধনুৰ্ব্বেদ মন্ত্ৰ দিলা। দুইভাইক পাছে, সহায় লইয়া, ৰঙ্গে যজ্ঞ আৰম্ভিলা। হৰিধ্বনি কৰি, দিলন্ত আহুতি, মৄতৰ উঠিল ঘ্ৰাণ। চৈধ্য কোটী ঘোৰ, ৰাক্ষসে আসিয়া, বেঢ়িলেক যজ্ঞ খান॥ ত্ৰাহি ত্ৰাহি ৰাম, বুলি ঋষিগণে, ৰামতে লৈলা শৰণ। দেখি দুই ভাই, নিগুটি কৰিয়া, বধিলা ৰাক্ষস গণ। যজ্ঞক ৰাখিলা, ৰাক্ষস বধিলা, জানিলন্ত বিশ্বামিত্ৰ। পৰম পুৰুষ, ৰামেসে ঈশ্বৰ, সাক্ষাতে ভৈলা বিদিত॥ অনেক প্ৰশংসা, কৰিলা আশংসা, ৰাঘবক মুনিগণে। ৰামক উচিত, প্ৰসাদ বিহিত, শুনিয়৷ পাইলন্ত মনে॥