পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
অসমীয়া ৰামায়ণ।

বোলোঁ যেবে তই ন বৰস কৌতুহলে।
আজি জান তোক মই হৰিবোহে৷ বলে॥
আজি তোৰ ছড়াওঁ ৰাম মানুষৰ আশ।
ভালে যেবে জীবিতেবে আসা মোৰ পাশ॥
ৰাৱণৰ বোলে যেন জীৱ গৈল উড়ি।
বুলিবে লাগিলা সীতা বৰ কোপকৰি॥
বোলো লঙ্কা নাথ যেবে চোস তই মোক।
শাপি ভস্ম কৰিবো বুলিলো নিষ্টে তোক।৷
মোক যদি হৰি তই পাতালক যাস।
তহিতো ৰাঘবে কৰিবে সৰ্ব্ব নাশ॥
হাঁড়ি জাতি হুয়৷ পঢ়িবাক চাহ বেদ।
অবিলম্বে প্ৰভু কৰিবেক স্কন্ধ ছেদ॥
ডৰিলা ৰাৱণ শুনি সীতাৰ উত্তৰ।
মধুৰ বচনে পুনু বোলে লঙ্কেশ্বৰ॥
এবেসে জানিলো সীতা তোত বুদ্ধি নাই।
বনবাসী ৰামকেসে আছা বাট চাই॥
দেখ দেখ জানকী মোহোৰ ঐশ্বৰ্যক।
পৰাভৱ পাৰে যেন কল্যাস পৰ্ব্বতক॥
ৰত্নময় ভূমি চয় দেখা মনোহৰ।
সদায় সেৱয় মোক সিদ্ধ বিদ্যা ধৰ॥