পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
অৰণ্য কাণ্ড।

শঙ্কৰত যাই তেহু লৈলেক শৰণ।
সিকাৰণে কুবেৰৰ নভৈলা মৰণ॥
লঙ্কাতে খাটয়া আসি যত দেবগণ।
তাক দেখি জানকী হৰিষ কৰা মন।৷
মহাদেৱ সেৱা কৰি ত্ৰৈলোক্য জিনিলোঁ।
শিব সমন্বিতে কল্যাসক আলগাইলু॥
তেজিলোঁ আটাস শুনিলেক ত্ৰিভুবন।
সিকাৰণে বোলে মোক ত্ৰৈলোক্য ৰাৱণ॥
হেন ত্ৰিভুবন পতি দেখ দশগ্ৰীৱ।
মইতোক বোলো শুন জনকৰ জীৱ॥
মানুষ ৰামত তোৰ কোন উপযোগ।
তাক তেজি মোক ভজ ভুঞ্জ ৰাজ্য ভোগ॥
তোৰ ৰূপ দেখি আঁখি নভাষয় আন।
কাম সমুদ্ৰত মৰোঁ কৰা পৰিত্ৰাণ॥
তোহোৰ চৰণে ম‍ই লৈলোহোঁ শৰণ।
নুহিবি সুন্দৰী এবে নিকৰুণ মন॥
ত্ৰৈলোক্য ঈশ্বৰ হুয়া ভৈলোঁ তোৰ দাস।
অনুগত জন কেনে তেজিবাক চাস॥
মই হেন স্বামী যেবে তই নবৰিবি।
পাছ কালে তই মোক সুমৰি মৰিবি॥