পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
অসমীয়া ৰামায়ণ।

শীঘ্ৰ বেগে যাহা সবে দণ্ডকাৰ বন।
ৰামে মাৰিলেক খৰ ত্ৰিশিৰা দূষণ॥
হৰিলোহোঁ ভাৰ্য্যাতাৰ সাধি সেহি মান।
চাহা দুই ভাই কিবা কৰে সিটো থান॥
মাৰিবাক পাৰ৷ যেবে আতিবৰ ভাল।
এতেকে পলাই মোৰ হৃদয়ৰ শাল॥
মহাবীৰ আঠক পঠাওঁ এহি কাৰ্য্যে।
জানিআসা বাৰ্ত্তা যাই দণ্ডকাৰ মাজে॥
ৰাৱণৰ বচনক শিৰে তুলি লৈলা।
আঠগোট ৰাক্ষস ৰামক খেদি গৈলা॥ .
নবৰয় সীতা ৰাৱণৰ স্বস্থ নাই।
বিনাইতে লাগিলা যাই জানকীৰ ঠাই॥
বোলে লঙ্কেশ্বৰে সীতা মোৰ বোল শুন।
মোহোৰ সমান মহাজন আছে কোন॥
অবধ্য শৰীৰ মোৰ বিধতাৰ বৰে।
নাহিকে মৰণ মোৰ ব্ৰহ্মাণ্ড ভিতৰে॥
জিনি আছো তিনি লোক নাহি কাকো শঙ্কা।
জ্যেষ্ঠ ভাই কুবেৰৰ কাঢ়ি লৈলো লঙ্কা॥
লৈলোঁ মহা বিমান পুষ্পক যাৰ নাম।
চলা এতিক্ষণ মোৰ পূৰা মনকাম॥