পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
অসমীয়া ৰামায়ণ।

সুবুদ্ধি নাশিলে তোক পাইলে যম কালে।
শিশিৰ শুখাই যেন ৰাম ৰবিজালে॥
আনো অসংখ্যাত সীতা বুলিলা বিস্তৰ।
লাজে লঙ্কানাথে কিছু নেদিলে উত্তৰ॥
অনন্তৰে সীতা সব অলঙ্কাৰ কাঢ়ি।
দিব্য বস্ত্ৰে বান্ধিলন্ত একস্থান কৰি॥
পৰ্ব্বতত দেখিলন্ত বানৰ পাঞ্চ জন।
পলাই আছে বালি নৃপতিত হাৰি ৰণ।৷
ৰাম বাৰ্ত্তা পাইবে বুলি মনে কৰি সাৰ।
তাসাম্বাৰ মাজত ক্ষেপিলা অলঙ্কাৰ।৷
যেবে স্বরূপত হওঁ মই সীতা সতী।
মোৰ অলঙ্কাৰ তেবে ৰাঘবে পাইবন্তি।৷
ৰাবণেও লক্ষিলেক জানকীৰ কাজ।
অলঙ্কাৰ পৰিগৈলা বানৰৰ মাজ॥
কি পৰিলা বুলি পাঞ্চো উপৰক চাইলা।
ৰাৱণৰ কোপে এক কন্যা ভেট পাইলা।৷
কান্দন্তে চলন্ত কন্যা ৰাম ৰাম বুলি।
দীৰ্ঘ কেশ চয় আকাশত যাই হালি॥
কন্যাৰ ৰূপক দেখি বিস্ময় যে ভৈলা।
পাছে পাঞ্চবীৰে অলঙ্কাৰ মেলি চাইলা।৷