পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
অৰণ্য কাণ্ড।

মনি ৰাজ মাজে যেন মাণিক প্ৰত্যেক।
কসটি শিলাত যেন মাণিকৰ ৰেখ॥
লঙ্কেশ্বৰ কাল মেঘ মাজে সীতা সতী।
অলঙ্কাৰ চয় যেন বিদ্যুতৰ পান্তি॥
চিণ্ডিলা সীতাৰ শুদ্ধ মুকুতাৰ হাৰ।
আকাশে প্ৰকাশে যেন জাহ্ণবীৰ ধাৰ॥
শোকে দুখে সীতাৰ শৰীৰ ভৈলা কৃশ।
ৰাৱণক বচন বুলিলা বিষদৃশ॥
হাউৰে পাপিষ্ঠ নষ্ট মতি ভৈল তোৰ।
এত বৰ ৰাজা হুয়া ভৈলি তিৰী চোৰ।৷
কতবা জন্মক লাগি সঞ্চিলি পাতেক।
তই মৃগ মায়া হুই বঞ্চিলি ৰামক॥
ৰাম হেন ৰাৱ দিলা তোহোৰ ৰাসক্ষে।
সেই কাৰণে লক্ষ্মণক পঠাইলোঁ তৰাসে॥
লক্ষ্মণ দেৱৰ যেবে থাকন্ত লগত।
যমপুৰ পাইলি হতে তাহান হাতত॥
তিৰী চোৰ দাৰুণ হাড়িৰ জাত খায়া।
লাজে শিলা গলে বান্ধি নমৰস গৈয়া॥
ৰামক নিজিনি মোক হৰি নেস বলে।
জানিলোঁ পাপিষ্ঠ তই গৈলি ৰসাতলে॥