পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
অৰুণ্য কাণ্ড।

কতো দুৰে গৈয়া সিটো থৈলেক সীতাক।
ধৰি বজ্ৰ মুঠি সাজ ভৈলা যুঁজিবাক॥
কুৰি গোট মুঠি হানিলেক এক বলে।
গৰুৰৰ পুত্ৰে তাক সহিলেক হেলে॥
ভ্ৰুকুটা ভ্ৰুকুটি দুইৰো ৰণ ধুমাজয়।
ৰাক্ষস ছটক দুইৰো বল ভৈলা ক্ষয়॥
ৰাৱণৰ শৰীৰৰ শোণিত বহয়।
মন্দৰ গিৰিৰ যেন গেৰু নিঝৰয়॥
ৰাৱণে গুণয় ন্যায় যুদ্ধে নোৱাৰোহোঁ।
যেন যুৱাই হৌক আক অন্যায় কৰোহেঁ॥
এহি গুণি টুনৰ টানিলা চন্দ্ৰ হাস।
জটায়ু বুজিলা দুষ্ট ৰাৱণৰ আশ॥
হৃদয়ৰ মাজে তাৰ দিলা পখা ছাট।
দুৰ্ব্বাৰ প্ৰহাৰে যেন হিয়া দিলা ফাট॥
পাখীৰ ছাটিত জটায়ুয়ে নগনিল।
ৰাৱণে খড়্গৰ ঘাৱে পখাক ছেদিল॥
পাৱ দুই ছেদিলেক পখাৰ লগতে।
যেন পূৰ্ব্বে ক্ৰৌঞ্চক ভেদিলা গৌৰী সুতে॥
ইন্দ্ৰে যেন পৰ্ব্বতৰ শৃঙ্গক ছেদিলা।
জটায়ু পৰন্তে মহী মণ্ডল লড়িলা॥