পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
অসমীয়া ৰামায়ণ

বজ্ৰ লোহাৰ চাপ দেখি লাগে ভয়।
আসি যেহি বীৰে তাক ভাঙ্গিতে পাৰয়।৷
বুলিলো নিশ্চয় সেহি লভিবে সীতাক।
দূত পঠাইলন্ত ৰাজাগণ আনিবাক॥
যত মহাৰাজা আছে পৃথিবী মণ্ডলে।
মিথিলাক আসি ভৈলা চতুৰঙ্গ দলে।৷
সমস্তকে পিতৃ তুষিলন্ত অন্নে পানে।
বসিলেক যত ৰাজা বহল আথানে॥
অসম্ভব ধনু বহুলোকে তুলি লৈলা।
শঙ্কৰৰ চাপ সবাহানে আগে থৈলা।৷
পাছে পিতৃ সবাকে বুলিলা মৃদুবাণি।
সবে আসি ভৈলা সীতা সয়ম্বৰ শুনি।
এহিধনু খান যদি পাৰা ভাঙ্গিবাক।
সেহি মোৰ জোঁৱাই সীতা ভজিবেক তাক॥
শুনি কম্পি গৈলা অল্প বালীৰাজা মানে।
বৰবৰ ৰাজা যত উঠিলা তেখনে॥
ধনুক প্ৰণামি সবে চাপিল সন্নিত।
আচোক ভাঙ্গিব ধনু দেখি ভয় ভাত॥
হাতে পদ্মমালা ধৰি মই আছো বসি।
সভাক প্ৰকাশি যেন পূৰ্ণিমাৰ শশী॥