এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
অৰণ্য কাণ্ড।
মুখত অমৃত, আছে তোৰ পাপী,
হৃদয়ত বিষ ঘট।
ছল পায়া তই, ৰামক বঞ্চিবে,
পাতিলি জানো কপট॥
মোহোক ভাণ্ডস, নু হকে বোলস,
ৰাঘৰ ইটো ৰাৱ।
শুনিও নুবুজ, টেটোন পৰাই,
যেহেন ৰামৰ ঠাৱ॥
জানিলো পপিষ্ঠ, ভৰত ভ্ৰাতৃৰ,
তই আবে ভাগি পাইলি।
এতেকে ৰামক, চাটু পুটু কৰি,
ৰামৰ লগত আইলি ৷৷
জানে সৰ্ব্বজনে, সতিনীৰ পুত্ৰ,
কদাচিতো নুহি হিত ৷
তোৰ ক্ৰুৰ ভাৱ, নজানিয়া ৰামে,
চপাইলেক সন্নিহিত ৷৷
লক্ষিলোঁ লক্ষণ, দেখি কুলক্ষণ,
এবেতই যেন চাস।
ৰামৰ ৰমণী, সীতায়ে সহিতে,
কৰিবৰ ঘৰ বাস॥