পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
অৰণ্য কাণ্ড।

দণ্ডকাৰ বনৰ গুচাওঁ আজিশাল।
সীতাক মাৰিয়া দেওঁ সুবৰ্ণৰ ছাল॥
সকল গাৱত দেখো ৰাজ যোগ্য ৰত্ন।
অবশ্যে মাৰিবো আক কৰি বৰ যত্ন॥
তাৰা মৃগ গোট দেখো স্বৰ্গত আছয়।
তাহাৰ সদৃশ ইটো বনত ভ্ৰময়॥
যত যত মহাৰত্ন আছে মোৰ ঠাৱে।
তাতোধিক ৰত্ন দেখো হৰিণৰ গাৱে॥
এহি থানে থাকা তুমি ৰাখিয়া সীতাক।
মই চলি যাওঁ হেৰা মৃগ মাৰিবাক॥
আপুনি ঈশ্বৰ ৰাম সমস্ত জানন্ত।
মনুষ্য স্বৰূপ ধৰি জগত মোহন্ত॥
ভকত সীতাৰ বাক্য ৰাখিতে যতনে।
ধনুধৰি মৃগ মাৰিবাক গৈলা বনে॥
ৰাম আসিবাৰ দেখি মাৰিচ কম্পিল।
গহন বনক লাগি বেগে চলি গৈল॥
কতো দেখি নেদেখি চলয় ঝাম্পে ঝাম্পে।
খেদি যান্ত ৰামে দেখি ভয় হৃদি কম্পে॥
তেতিক্ষণে দেখা দেই তেতিক্ষণে লুকি।
জুই আঙ্গনিৰ মত পাৰয় ভুমুকি॥