পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
অসমীয়া ৰামায়ণ

মনে মনে গুণয় মাৰিচ মহাবীৰ।
হৰি হৰি আজি মোৰ নাশিব শৰীৰ॥ -
ৰাবণ ৰাজাৰ আজি সুজু সবে ধাৰ।
ৰামৰ হাতত পৰি চলো স্বৰ্গ দ্বাৰ॥
এহি বুলি মাৰিচে ধৰিলা মৃগমায়া।
মহা মনোহৰ শুদ্ধ সুবৰ্ণৰ কায়া॥
ৰজতৰ অৰ্দ্ধচন্দ্ৰ কপালে শোভয়।
দুই গুটি চক্ষু শুদ্ধ মানিকৰ নয়।
জ্বলে ৰত্নময় মহা মানিকৰ বুক।
ফুটুকা ফটুকি গাৱে সোনাৰ ভুমুক।
তৰঙ্গ বৰঙ্গ আঁখি চতুৰ্দ্দিশে চাই।
চায়া চায়া সীতাক কোমল ঘাস খাই।
অদভুত মৃগ গুটি দেখি সীতাসতী।
স্বভাবে চঞ্চল বালা মোহ ভৈলা আতি॥
আনন্দে আকুল ভৈলা থিৰ নোহে মন।
ৰামক আলঙ্গি ধৰি বুলিলা বচন॥
অদ্ভুত মৃগগুটি দেখা প্ৰভুৰাম।
মাণিক ৰতন শুদ্ধ সুবৰ্ণৰ কাম॥
তিনিও ভুবনে সাৰ দণ্ডকাৰ বন।
ইহাতেসে হেন মৃগ হৱে উতপন