পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰাম৷য়ণ। পদ। মাৰিচে বোলয় ৰাৱণৰ মন জানি। কোন বিধি তথা সীতা মিলাইলেক আনি। তোৰ মৃত্যু কৰি বিধি সীত। উপজাইলা। ৰাক্ষস কুলক জানো কালে আসি পাইলা॥ কোননো অগ্নিয়ে লঙ্কা পুৰি ছন্ন কৰে। ৰাৱণৰ মহা শ্ৰীক দেখিতে নপাৰে॥ কোন দুষ্টে বুদ্ধি দেই সীতা হৰিবাৰে। ৰাঘৰ হাতত উপাই কৰি মাৰে। কছোঁ মোৰ কথা শুনা ভাগিন ৰাৱণ। পূৰ্ব্ব কালে গৈলোঁ মই দণ্ডকাৰ বন॥ অসংখ্য ৰাক্ষস পেনা ফুৰে মোৰ সঙ্গে। ঋষিগণ মাৰি খাই ফুৰে৷ মহা ৰঙ্গে॥ পাছে বিশ্বামিত্ৰৰ আশ্ৰম যাই পাইলো। যজ্ঞ ছন্ন কৰি ঋষিগণ মাৰি খাইলোঁ। মহা তপসী বিশ্ৰামিত্ৰ আমাক জানিল। অধৰ্ম্মক ভয়ে তোহ৷ শাপি নমাৰিল। দাৰুণ ৰাক্ষস জাতি আতি পাইলো লাই। নাহিভয় নিতে ঋষি মাৰি ফুৰে৷ খাই॥