পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

[৫]

“বৃদ্ধ গঙ্গাজলস্যান্তস্তীৰে ব্ৰহ্মসুতস্য বৈ।
বিশ্বনাথহ্বয়ো দেৱঃ শিৱলিঙ্গসমন্বিত:॥”

সেই ঠাই বাৰিষা পানীৰ তলত ডুবি থাকে। উমাবনৰ বৰ্ত্তমান নাম উমা-টুমণি। বিশ্বনাথৰ বিশ্বশৈলত চণ্ডীৰ দেৱালয় আৰু উমা-টুমণিত উমাৰ দেৱালয় আছে। দক্ষ-যজ্ঞত সতীয়ে প্ৰাণত্যাগ কৰিলত বিষ্ণুৱে চক্ৰৰ দ্বাৰাই সতীৰ অঙ্গ খণ্ড বিখণ্ড কৰি পেলালে। সতীৰ পদ দুটি শোণিতপুৰ নগৰৰ দেবীকূটত, উৰুযুগল শিলঘাটৰ ওচৰৰ উড্ৰিয়ান বা কামকূট পৰ্ব্বতত এতিয়াৰ “কামাখ্যা” নামে বোলা থকা ঠাইত আৰু স্তন দুটিৰ এটি বিশ্বনাথৰ চণ্ডী দেৱালয় থকা ঠাইত আৰু আনটি উমাদেৱালয় থকা ঠাইত পৰে। সেই বাবে সেইবিলাক ঠাই মহাপীঠ তীৰ্থ বুলি প্ৰসিদ্ধ।

  পুৰাণ আৰু তন্ত্ৰৰ পৰা জনা যায় যে শোণিতপুৰ নগৰত বাণ ৰজাৰ জিয়াৰী উষা দেবীৰ মঠ আছিল; এই নগৰৰ পূবে দেবীকূট তাৰ পূবে ৰূদ্ৰপদ আৰু কণ্যাশ্ৰম বা চ্যবনমুনিৰ ***(কিষ্কিন্ধ্যা) আৰু সোমকুণ্ড, তাৰ পূবে বিশ্বনাথ আৰু উমাবন। বিশ্বনাথেই বাণ ৰজাৰ গুপ্তকাশী। তাত ন কোটি শিৱলিঙ্গ থকা বুলি প্ৰবাদ আছে। চ্যবনমুনিৰ পালিতা কণ্যা কণ্যকাই যি ঠাইত শিৱক স্বামীৰূপে পাবৰ কাৰণে তপস্যা কৰি- ছিল, তাতে ৰূদ্ৰপদ আছে। এই ৰূদ্ৰপদ ভোমোৰাগুৰি পৰ্ব্বতৰ পূবে।

  হৰিবংশ পুথিত লিখা আছে যে আহ্বনীৰ (যজ্ঞৰ) অগ্নিয়ে শোণিত- পুৰ ৰক্ষা কৰি আছিল। “কালিকাপুৰাণত” লিখা আছে যে বাণাসুৰৰ নগৰ শোণিতপুৰত অগ্নিদুৰ্গ বা অগ্নিগড় আছিল। এতিয়াও ইয়াৰ লুইতৰ দাঁতিৰ Observatory Hill বা “পদ্মপাৰ্ক" বোলা পাহাড়টোক অগ্নিপৰ্ব্বত বোলে। বোধকৰো তেজপুৰৰ এই নৈ কাষৰীয়া পৰ্বত বিলা- কত একৰমকালি সততে যজ্ঞাগ্নি জ্বলি আছিল। “কুৰ্ম্মপুৰাণ” মতে এই আহবনীয়া অগ্নি অহৰহ প্ৰজ্বলিত হৈ তেজ বিস্তাৰ কৰি থকাৰ